বিলাসীপাৰাত উত্তৰ ছুৱাপাতা এল পি স্কুলত অনুপস্থিত শিক্ষক

 09/13/2019 - 17:41

বিলাসীপাৰাঃ বিলাসীপাৰা উত্তৰ ছুৱাপাতা এল পি স্কুলত অনুপস্থিত শিক্ষক, শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী। ৰাজ্যৰ শিক্ষাবিভাগে কণ কণ শিশু, ছাত্ৰ-ছাত্ৰীক সু-শিক্ষিত কৰাৰ লক্ষ্যৰে নিত্য নতুন আঁচনি হাতত লৈছে যদিও একাংশ দায়বদ্ধতাহীন শিক্ষকৰ বাবে শিক্ষাৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি আছে ৰাজ্যৰ শিক্ষা খণ্ডটো। পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ উত্তৰ ছুৱাপাতা এল পি স্কুলত সংঘটিত দুৰ্নীতিৰ তথ্যই তাকেই প্ৰতীয়মান হৈছে। প্ৰাপ্ত খবৰ মতে উত্তৰ ছুৱাপাতা এল পি স্কুলৰ প্ৰধান শিক্ষক আব্দুৰ ৰৌফ ওৰফে জিয়াৰ উদ্দিনে বিদ্যালয়ত সঘনাই অনুপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পৰা বঞ্চিত কৰি আহিছে।

কেৱল ইমানতেই ক্ষান্ত নাথাকি দালাল প্ৰকৃতিৰ শিক্ষক জিয়াৰ উদ্দিনে দুপৰীয়াৰ আহাৰৰ পৰাও ছাত্ৰ-ছাত্ৰীক ফাকি দি আহিছে। অৱশ্যে কাগজে পত্ৰই নিয়মীয়া খাদ্য খোৱাৰ তালিকা বনাই ছাত্ৰ-ছাত্ৰীৰ মুখৰ আহাৰ ভক্ষণ কৰি আহিছে। এইগৰাকী শিক্ষকৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবিম্ব লাইভৰ সাংবাদিকে গোপনে অনুসন্ধান চলোৱাত শিক্ষকগৰাকীৰ আচল ৰূপ ওলাই পৰিছে।

শুকুৰবাৰে উত্তৰ ছুৱাপাতা এল পি স্কুলত অনুপস্থিত থাকি বিলাসীপাৰা বজাৰত আড্ডা মাৰি থকা পৰিলক্ষিত হৈছে। বিষয়টো বিলাসীপাৰা শিক্ষাখণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ ফুকনক অবগত কৰা হৈছে। এইক্ষেত্ৰত বিষয়াগৰাকীয়ে কি পদক্ষেপ হাতত ল'ব?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।