জুৰীয়াত সৌৰচাকি স্থাপনৰ নামত বৃহৎ কেলেংকাৰি

 09/13/2019 - 17:45

জুৰীয়াঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনে তথাকথিত শূন্য সহনশীলতাৰ শ্ল'গান আওৰাই থকাৰ মাজতে জুৰীয়া উন্নয়ন খণ্ডত সংঘটিত হৈছে ভয়াবহ কেলেংকাৰি। গ্ৰামাঞ্চলত সৌৰচাকি স্থাপনৰ নামত জুৰীয়া উন্নয়ন খণ্ড বিষয়া, একাংশ বিজেপিৰ নেতা-পালিনেতা আৰু পঞ্চায়ত সচিব সকলে সংঘটিত কৰিছে বৃহৎ কেলেংকাৰি।

উদাহৰণ স্বৰূপে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত তিনিচুকীয়া গাঁও পঞ্চায়তত ১৪ টা সৌৰচাকিৰ বিপৰীতে আৱণ্টন হয় ৪ লাখ ৩৬ হাজাৰ ৭৬৮ টকা। অৰ্থাৎ প্ৰতিটো সৌৰ চাকিৰ মূল্য ৩০ হাজাৰ ৯১২ টকা। কিন্ত পঞ্চায়তত ৬ৰ পৰা ১০ হাজাৰ টকীয়া অতি নিম্নমানৰ সৌৰ চাকি লগাই লুণ্ঠন চলাই দায়িত্ব সামৰাৰ বাবেই এতিয়া নিশা অধিকাংশ চাকিয়েই পোহৰ বিলাবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছে।

জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আলতাফ হুছেইন, বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শ‌ইকীয়া, গাওঁ পঞ্চায়ত সচিবৰ নেতৃত্বত এটা চক্ৰ‌ই নিম্ন মানৰ কামেৰে আৱণ্টিত ধনৰাশি আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। বিজেপি নেতা শ‌ইকীয়াই একমাত্ৰ চৰকাৰী ধনৰ ওপৰত লুন্ঠন চলোৱাৰ স্বাৰ্থতে জুৰীয়াৰ উন্নয়ন খণ্ডৰ বি ডি অ' গৰাকীৰ নগাঁও চহৰৰ ভাড়াঘৰত প্ৰায়ে নিশাৰ ভাগত মিলিত হৈ গোপন আলোচনাত লিপ্ত থকাৰ কথা ৰাইজৰ মুখে মুখে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।