নলবাৰীত নৱবিবাহিতা বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

 09/13/2019 - 17:55

নলবাৰীঃ নলবাৰী জিলাৰ পাইকাৰকুছিৰ সমীপৰ ভূতকট্ৰাত এগৰাকী নৱবিবাহিতা বোৱাৰীক হত্যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিলাখনৰ গুৱাকুছিৰ বৰ্ণালী দাসে কিছুদিন পূৰ্বে ভূতকট্ৰা গাঁৱৰ অৰূপ কলিতাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু বৃহস্পতিবাৰে নিশাৰ ভাগত ৰহস্যজনকভাৱে আত্মহত্যা কৰা বুলি স্বামীৰ পৰিয়ালে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়কত নিয়ে যদিও চিকিৎসকে বোৱাৰীগৰাকী মৃত বুলি ঘোষণা কৰে।

বোৱাৰীগৰাকীৰ পৰিয়ালে এয়া এক পৰিকল্পত হত্যা বুলি নলবাৰী সদৰ থানাত এজাহাৰ ৰুজু কৰে। ইতিমধ্যে স্বামী অৰূপ দাসক আৰক্ষীয়ে আটক কৰে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে উত্তেজনাই বিৰাজ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।