আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু ভৰ্তি বাহন, আটক তিনি সৰবৰাহকাৰী

 09/13/2019 - 18:06

বৈঠালাংচুঃ সমগ্ৰ ৰাজ্যজুৰি চলি অহা গৰুৰ চোৰাং বেহা এই বাৰ প্ৰসাৰিত হৈছে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত।মেঘালয়লৈ চোৰাং গৰু চালান দিয়াৰ বাবে হামৰেণক কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰাৰ কৌশল গ্ৰহন কৰিছে চোৰাং গৰু সৰবৰাহকাৰীয়ে।

হামৰেণ চহৰৰ মাজেদি এনে চোৰাং গৰু সৰবৰাহ কৰাৰ গোপন তথ্য লাভ কৰি হামৰেণ আৰক্ষীয়ে শুকুৰবাৰে পুৱতি নিশা অভিযান চলাই এ এচ ০২বিচি/২৯৬৫ নম্বৰৰ টাটা মোবাইলত ১১টা কৈ চোৰাং গৰু বোজাই কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰলৈ বুলি নিয়াৰ পথত হামৰেণৰ চিন্ঠং উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত তিনিজন গৰু সৰবৰাহকাৰী সহ আটক কৰে।

আটকাধীন সৰবৰাহকাৰী কেইজন আৰ্কৈ চেনাৰ, নাহৰচন চাংমা আৰু মিছন তেৰণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।