ধিংৰ পথাৰত বনৰীয়া ম'হৰ আতংক

 09/13/2019 - 18:41

ধিংঃ ধিংৰ এখন পথাৰত পুৱাই ওলাল দুটা ম'হ। হাতে হাতে লাঠি লৈ দুটা বনৰীয়া ম'হ ধৰিবলৈ একাংশৰ আকৌ মৰসাহ৷ এই দুই ম'হৰ আক্ৰমণত পথাৰত মৰাপাট কাটিবলৈ যোৱা এজন গুৰুতৰভাৱে আহত হয়৷ পিছে ইমানৰ পাছতো ম'হৰ ওচৰত হাৰ মানিব খোজা নাই একাংশই৷ মৰণলৈ ভয় নকৰা এইসকলৰ হাতে হাতে ৰছী আৰু লাঠি৷ ৰাইজৰ খৱৰৰ ভিত্তিত আৰক্ষী আহি উপস্থিত হ'ল যদিও ওমঘাম নাই বনবিভাগৰ৷

দুই ম'হৰ আক্ৰমণত নুৰুদ্দিন নামৰ এজন লোক গুৰুতৰভাৱে আহত হৈ ধিং এফ আৰ ইউত চিকিৎসাধীন হৈ আছে৷ স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে যদিও বৰ্তমানলৈ উপস্থিত হোৱা নাই বন বিভাগৰ কোনো লোক৷ ইফালে বনৰীয়া বুলি সন্দেহ কৰা ম'হ দুটা ধৰিবলৈ একাংশ লোকে ৰছী, লাঠি লৈ ব্যস্ত৷ এফালে ম'হৰ আক্ৰমণ আৰু আনফালে এচাম লোকৰ ম'হ ধৰাৰ চেষ্টা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।