ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ ধৰ্ণা কাৰ্যসূচী

 09/13/2019 - 19:07

মঙলদৈ:- মঙলদৈত NRC ক লৈ ধৰ্ণা কাৰ্যসূচী। প্ৰায় তিনিশতাধিক লোকে উত্তাল কৰিলে মঙলদৈ জিলা পুথিভঁৰাল প্রাংগণ। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী ধৰ্ণা। NRC ত সম্পূৰ্ণ বিসংগতি হোৱাৰ অভিযোগ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ। বিসংগতিপূৰ্ণ NRC প্ৰকাশৰ বাবেই বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কটা গ’ল বুলি জনাই প্ৰতিবাদকাৰীয়ে।

প্ৰতিক হাজেলাৰ কু-চক্ৰান্ত আৰু একাংশ উগ্ৰ জাতীয়তাবাদী লোকৰ প্ৰৰোচনাতে এইখন বিসংগতিপূৰ্ণ NRC প্ৰকাশ পোৱা বুলিও দিয়ে অভিযোগ। প্ৰতীক হাজেলাক ধিক্কাৰ বঙালী ছাত্ৰ সংগঠনৰ। এই NRC কেতিয়াও মানি নলও বুলি হুংকাৰ। ইফালে এখন শুদ্ধ NRC ৰ দাবী তুলি দৰঙৰ উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে। লগতে শুদ্ধ ভাবে NRC প্ৰকাশ নোপোৱা পর্যন্ত এনেদৰে আন্দোলন চলাই নিয়া হ’ব বুলিও জানিব দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।