জাতীয় সংস্কৃতিৰ বৰঘৰত পৰিণত দিজেন গগৈৰ বাসগৃহ

 04/06/2019 - 13:55

হৃষীকেশ জয়সাগৰ: লোকসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে আকৌ আহি পালেহি ব'হাগ। ব'হাগৰ আগমনৰ লগে লগে অসমবাসী এতিয়া ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰিবলৈ। বিহুৰ বাবে ঢোল, পেঁপা, গগণা, বাঁহী নিৰ্মাণৰ বাবে বিখ্যাত হৈ পৰিছে এখন ঘৰ।

শিৱসাগৰৰ এই শিল্পীগৰাকীৰ নাম দিজেন গগৈ। এইগৰাকী লোকশিল্পীৰ ঘৰখন এতিয়া উখল মাখল। বিগত তিনিটা দশক দিজেন গগৈয়ে নিৰ্মাণ কৰি আহিছে বিভিন্ন লোকবাদ্য। কেইবাজনো সহযোগীৰ সৈতে তেওঁ নিতৌ নিৰ্মাণ কৰে ঢোল, পেঁপা, বাঁহী, গগণা আদি বিভিন্ন বাদ্য।

কেৱল বাদ্য নিৰ্মাণেই নহয়, দিজেন গগৈয়ে প্ৰতিবিধ বাদ্য সুন্দৰকৈ বজাবও জানে । ঘৰখনত এতিয়া প্ৰশিক্ষণ দিয়া হৈছে অনেক ন শিকাৰুক।

ঢোল, পেঁপাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সমবেত হৈছে নৱ প্ৰজন্মৰ বিভিন্নজন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।