লংকাত দিন-দুপৰতে ডকাইতি কাণ্ড

 09/13/2019 - 19:31

লংকাঃ লংকা চহৰৰ কানাড়া বেংকৰ সন্মুখত সংঘটিত এক ডকাইতি কাণ্ডত চোৰে লুটি লৈ যায় নগদ দুই লাখ পাচঁ হাজাৰ টকা। চহৰখনৰ কানাড়া বেংকৰ সন্মুখত সংঘটিত হয় এই কাণ্ড। দীপক শীল নামৰ ব্যৱসায়ীজনৰ স্কুটাৰৰ বস্কৰ তলা ভাঙি লুটি লৈ যায় এই ধনখিনি। লংকাৰ কানাড়া বেংকত ঋণৰ ধাৰ পৰিশোধৰ বাবে ব্যৱসায়ীজনে ইউনাইটেড বেংকৰ পৰা ওলিয়াই আনিছিল উক্ত ধনখিনি।

ব্যৱসায়ী দীপক শীলে বেংকৰ সন্মুখত উপস্থিত হৈ ভনীয়েকৰ সৈতে এটি ফোন ক’লত ব্যস্ত হৈ পৰোতেই তলা ভাঙি ধন লৈ উধাও হয় চোৰ। ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইপিনে, বেংকৰ চি চি টিভি কেমেৰাত তিনি চোৰে লোকজনক অনুসৰণ কৰি ফোনত ব্যস্ত হোৱাৰ সময়তে তলা ভাঙি চুৰিকাণ্ড সংঘটিত কৰাৰ ফুটেজলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।