মৰিগাঁৱত অচিনাকী মৃতদেহ উদ্ধাৰ

 09/13/2019 - 20:44

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগুৰিত অচিনাকী মৃতদেহ উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়। টেঙাগুৰিৰ ডোঙাজানৰ বাঁহৰ দলংৰ ওচৰত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। মৃতদেহটো ফুলি উঠাত চিনাক্ত কৰিব পৰা নাই মৃত লোকজনক। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ভাঁহি অহা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। মৃতদেহটো প্ৰত্যক্ষ কৰি স্হানীয় ৰাইজে লাহৰীঘাট আৰক্ষীক খবৰ দিয়াত লাহৰীঘাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালত প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।