নগাঁৱৰ জামুগুৰিত অসম ভিত্তিত দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতা

 09/13/2019 - 21:07

বটদ্ৰৱা: নগাঁও জিলাৰ জামুগুৰি নৱোদয় ক্লাৱৰ উদ্যোগত অহা ১৫ ছেপ্তেম্বৰত সদৌ অসম ভিত্তিত দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। জামুগুৰি কে, এন, ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব লগা দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাখনৰ কাৰ্যসূচী মতে ২ বজাত পতাকা উত্তোলন কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি আ: বাৰিকে।

৪:৩০ বজাত খেল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিজেপিৰ কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়া। উক্ত দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ইচ্ছুক প্ৰতিযোগীয়ে উল্লেখিত ৯৮৫৪১-৪৪৫৯৯/ ৮৬৩৮১২১৫১৪ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে আহবান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।