ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা

 09/13/2019 - 21:23

ৰঙিয়াঃ ৪০ লাখ টকাৰ ব্ৰাউন চুগাৰ সহ এজনক আটক। ৰঙিয়া আৰক্ষীয়ে অতি কৌশলৰে এক অভিযান চলাই ৰঙিয়া মৰাণজনাৰ পৰা এখন অ'ল্ট গাড়ীসহ বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। বাইহাটা আৰক্ষীৰ চকীৰ সহযোগত এক গোপন সূত্ৰৰ আধাৰত প্ৰায় ৪০ লাখ টকা পৰিমানৰ ব্ৰাউন চুগাৰ সমূহ জব্দ কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষী আৰু বাইহাটা আৰক্ষীৰ এটা দলে ট্ৰাক চালকৰ বেশত ৰঙিয়াৰ এজন ব্ৰাউন চুগাৰ ব্যৱসায়ীৰ লগত যোগসূত্ৰ আছিল। ফোনযোগে যোগাযোগ কৰাৰ পিছত ৰঙিয়াৰ সমীপৰ মৰাণজনাত ব্যৱসায়ীজনে নিচাজাতীয় সামগ্ৰীসমূহ যোগান ধৰা হ’ব বুলি অৱগত কৰে। সেইমতে ট্ৰাক চালক আৰু ট্ৰাকৰ কৰ্মচাৰী ৰূপত আৰক্ষীৰ দলটোৱে বহিঃৰাজ্যৰ ট্ৰাকত আহি ৰ্নিদিষ্ট ঠাইত ৰৈ থকাৰ কিছু মুহুৰ্তৰ পিচতে AS 01 DR 1285 নম্বৰৰ এখন এল্ট' গাড়ী উক্ত স্থানত ৰয়।

অল্টত অহা ব্যক্তিজনে ট্ৰাক চালক ৰূপী আৰক্ষীৰ লগত যোগাযোগ কৰি সামগ্ৰীসমূহ দিয়াৰ বাবে প্ৰস্তুত হওঁতে আৰক্ষীৰ দলটোয়ে অল্ট গাড়ীখন আৰু ব্ৰাউন চুগাৰ সমূহ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিজকে ইক্ৰাম আলী বুলি পৰিচয় দিয়া যুৱক এজনকো আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱক জনক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।