দৰমহাৰ পৰা বঞ্চিত শিক্ষকৰ আত্মহত্যা

 09/13/2019 - 21:34

বৰপেটাঃ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ চলি থকাৰ সময়তে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰিৰ কলিতা পাৰাৰ অবিবাহিত এজন ঠিকাভিত্তিক টেট শিক্ষকে নিজ গৃহত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা শিক্ষকজন বহৰিৰ কলিতা পাৰাৰ গিৰিন্দ্ৰ মেধিৰ পুত্ৰ ধৰ্মেন্দ্ৰ মেধি (29) বুলি জানিব পৰা গৈছে। চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত 925 নম্বৰ মালিপাৰা প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আছিল মৃত ধৰ্মেন্দ্ৰ মেধি। টেট শিক্ষকৰ চাকৰি নিয়মীয়া নোহোৱা চাকৰি হেৰুৱাৰ ভয়ত হতাশাত ভুগি আছিল ধৰ্মেন্দ্ৰ মেধি।

টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নোহোৱা আৰু ভৱিষ্যত সুৰক্ষাৰ অনিশ্চিয়তাত ভুগি এনে অঘটন সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰি টেট শিক্ষকৰ জীৱন ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দাবী জনাইছে পৰিয়ালৰলোকে। আনহাতে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কাৰ্যকৰী সদস্য ইকবাল খানে শিক্ষামন্ত্ৰীৰ তাচ্ছিল্যসূচক মন্তব্যৰ বাবে এই অঘটন সংঘটিত হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।