লখিমপুৰৰ নাওবৈচাৰ পানধোৱাত চাঞ্চল্যকৰ ঘটনা

 09/14/2019 - 11:32

লখিমপুৰঃ নিমুকতাৰা বেগম নামৰ এগৰাকী বোৱাৰীক হত্যা কৰি পুখুৰীত পেলালে গিৰিয়েক নুৰ উদ্দিন আৰু তেওঁৰ পৰিয়ালে৷ বিগত কিছুদিন ধৰি গিৰিয়েকৰ অত্যাচাৰত অতিষ্ঠ হৈ মাকৰ ঘৰত আশ্ৰয় লৈ আছিল বোৱাৰী গৰাকী৷ মাকৰ ঘৰৰ পৰা বুধবাৰৰ নিশাৰে পৰা নিৰুদ্দেহ হৈ আছিল৷ ঘৰৰ কাষৰ ফকৰ উদ্দিনৰ নামৰ লোকজনৰ পুখুৰীত উদ্ধাৰ মৃতদেহ৷ মৃতদেহৰ ডিঙিত ৰছী লগোৱা অৱস্থাত আছিল৷ দুৰ্বৃত্তই হত্যা কৰি পেলাই দিছিল পুখুৰীত৷ ঘটনাস্থলীত নাওবৈচা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।