ধৰমজুলি চাহ বাগিচাত নলাত পৰি হাতী পোৱালীৰ মৃত্যু

 09/14/2019 - 12:06

ভেৰগাঁৱঃ ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত অসম-ভূটান সীমান্তত বন্যহস্তী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ সলনি জনাঞ্চলত আশ্ৰয় লৈ অহা বন্যহস্তীৰ আক্ৰমণত এই বৰ্ষতে ভূটান সীমান্তত ২৩জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বন্যহস্তীৰো ৰহস্যজনকভাবে মৃত্যু হৈছে৷ যোৱা নিশা ধৰমজুলি চাহ বাগিচাত আশ্ৰয় লৈ থকা বৃহৎ বন্যহস্তীৰ দল এটি খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰাৰ সময়তে বাগিচাৰ নলাত পৰি কৰুণ মৃত্যু হয় হাতী পোৱালীৰ৷ আনুমানিক ২মহীয়া হাতী পোৱালী বন্যহস্তীৰ দলৰ লগত আহি থকাৰ সময়তে পিছলি পৰি বাগিচাৰ নলাত পৰে আৰু উঠিব নোৱাৰে৷ বন্যহস্তীৰ দলে পোৱালীক উদ্ধাৰৰ চেষ্টা কৰে যদিও বিফল হয়৷ ৰাতি বিকট চিঞৰ কৰি হাতী পোৱালীৰ মাকে আৰ্তনাদ কৰিছিল যদিও পোৱালীক উদ্ধাৰ কৰিব নোৱাৰিলে৷ স্থানীয় লোকে হাতী পোৱালীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক অৱগত কৰে আৰু বনবিভাগে স্থানীয় ৰাইজৰ সহযোগত হাতী পোৱালীক নলাৰ পৰা উদ্ধাৰ কৰি মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।