পেঙেৰীত হাতে হাতে কোৰ লৈ পথ মেৰামতিত নামিল গঞা

 09/14/2019 - 12:55

ডিগবৈঃ এটা বিধ্বস্ত পথ, বাৰম্বাৰ আবেদন নিবেদনৰ পিছতো গড়কাপ্তানী বিভাগে মেৰামতিৰ বাবে কাণসাৰ নিদিয়াৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলাৰ পেঙেৰীৰ গুজু তিনিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মুগং পথাৰ শাখা সমিতিৰ উদ্যোগত স্থানীয় ৰাইজে গুজুগাম তিনিআলি-টেকেৰী নামচাই পথটো শ্ৰমদান কৰি মেৰামতি কৰে।

ৰাইজে হাতে হাতে কোৰ, দা লৈ বোকা পানীময় প্ৰকাণ্ড গাঁতেৰে ভৰপূৰ পথটো মেৰামতি কৰি প্ৰায় তিনি কিলোমিটাৰ পথ যাতায়তৰ উপযোগী কৰি তোলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুগং পথাৰ শাখা সমিতিৰ উদ্যোগত স্থানীয় শতাধিক ৰাইজে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে। মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত অঞ্চলৰ বহু কেইটা গুৰুত্বপূৰ্ণ পথৰ পুণৰ মেৰামতিৰ বাবে গড়কাপ্তানী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বহু গঞাই যাতায়তৰ ক্ষেত্ৰত জীয়াটো ভুগি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।