বালিঝাৰৰ স্থানীয় ৰাইজে মেৰামতি কৰে পথ

 09/14/2019 - 13:21

নগৰবেৰাঃ চৰকাৰ পৰিৱৰ্তন হ’ল কিন্তু পৰিৱৰ্তন নহ’ল বকোৰ বালিঝাৰৰ সুটকিটাৰী গাঁওৰ বাট-পথ। গাওঁবাসীৰ আবেদন নিবেদনক গুৰুত্ব নিদিয়ে বিধায়িকা আৰু পঞ্চায়ত প্ৰতিনিধিয়ে। নিৰুপায় হৈ গাঁৱৰ পুৰুষ মহিলাসকলে হাতে কামে লাগি মেৰামতি কৰিলে পথ। স্থানীয় বিধায়িকা নন্দিতা দাসৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলোৰো ভ্ৰুক্ষেপ নাই গাঁওবাসীৰ দুৰ্গতিৰ প্ৰতি।

নিৰুপায় বকোৰ বালিঝাৰৰ সুটকিটাৰী গাঁওৰ শ শ পৰিয়াল। গাঁওখনৰ একমাত্ৰ পথটোৰ অৱস্থা বিধ্বস্ত। এজাক বৰষুণ দিলে খোজ কাঢ়িও অহা যোৱা কৰিব পৰা নাযায় পথটোৰে। নচলে এম্বুলেঞ্চ সেৱা। স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে যাতায়াতৰ নামত ভুগিছে নৰক যন্ত্ৰণা। শনিবাৰে পুৱাই হাতে হাতে কোৰ, পাচি লৈ কোনোমতে পথটো মেৰামতি কৰি অহা যোৱাৰ ব্যৱস্থা কৰিলে গাঁওবাসী। ৰাইজৰ দাবী শীঘ্ৰে পকীকৰণ কৰিব লাগে পথটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।