মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি পলায়ন এটা পৰিয়াল

 09/14/2019 - 13:26

আমগুৰিঃ আমগুৰি টিপমীয়া গাঁওত সংঘটিত হৈছে এই ঘটনা। অভিযোগ, এপ্ৰিল মাহৰপৰা ঋণ পৰিশোধ কৰিব নোৱাৰি পলাই আছে ৰুবুল আৰন্ধৰাৰ পত্নী চন্দনা আৰন্ধৰা আৰু দুই কন্যাসহ এটি পুত্ৰ সন্তান। বন্ধন, ছেটিংছ, আৰোহন, এল এন টি, আৰ জি বি এন, জনলক্ষ্মী আদিৰ পৰা বহু লক্ষাধিক টকা লৈ পলায়ণ কৰে পৰিয়ালটোয়ে। সম্প্ৰতি গোটৰ মহিলাসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালটো পলায়ন কৰাত গোটৰ মহিলাসকলেই হাঁহ, কুকুৰা, কাপোৰ বিক্ৰী কৰি ঋণৰ ধাৰ পৰিশোধ কৰিবলগীয়া হৈছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।