তিনি মিচিং জাতীয় সংগঠনৰ প্ৰতিবাদী ধৰ্ণাত উত্তাল ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ

 09/14/2019 - 13:52

ঢকুৱাখনাঃ টি এম পি কে আৰু এম এম কে ৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত আজি শ শ বান-গৰাখহনীয়া পীড়িত জনতাই প্ৰতিবাদী ধৰ্ণাৰে উত্তাল কৰে ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ। "ঢকুৱাখনাৰ বিভিন্ন ক্ষেত্ৰত যি সীমাহীন দুৰ্নীতি অনিয়ম চলি আছে ইয়াক নিয়ন্ত্ৰণৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ কথা কোৱা চৰকাৰখনৰ মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক গৰাকীয়ে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইয়া কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। যাৰ ফলত বিশেষকৈ ঢকুৱাখনা সমষ্টিৰ ঘিলামৰা আৰু ঢকুৱাখনা দুয়োটা উন্নয়নখণ্ডতে খণ্ড উন্নয়ন বিয়ষা দুগৰাকীয়ে কমিচনৰাজ চলোৱাৰ সুযোগ পোৱা বুলি উল্লেখ কৰি মিচিং স্বায়ত্ব পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে কয় যে-মিচিং জনবসতিপূৰ্ণ বিভিন্ন অঞ্চলৰ সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলে গ্ৰহণ কৰিছে বৈষম্যমূলক নীতি আৰু সংগঠনবোৰৰ নেতাৰ প্ৰতি আৰক্ষী, প্ৰশাসনক ব্যৱহাৰ কৰি চলাইছে দমনমূলক নীতি। বিগত সময়ত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ প্ৰাক্তন বিধায়ক ভৰত নৰহৰ দৰেই একে নীতি অৱলম্বন কৰিছে নৱ কুমাৰ দলেয়ে। সমষ্টিটোত তেওঁ যিবোৰ বাট-পথৰ কাম আবন্টন দিছে তাত বিজেপি কৰ্মীৰ দ্বাৰা কমিচনৰাজহে চলাইছে। এইয়া ঢকুৱাখনাবাসীৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়। শেহতীয়াকৈ মিচিং জাতীয় সংগ্ৰামক বিপথে পৰিচালিত কৰিবলৈ বিধায়ক নৱ কুমাৰ দলেয়ে যি কুটিল ষড়যন্ত্ৰ কৰিছে ইয়াৰ তীব্ৰ বিৰুদ্ধীতা কৰি টি,এম,পি,কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক যতীন পেগুৱে কয় যে-"বিজেপি চৰকাৰে অসমৰ ৰাইজক মিছা কথাৰে ঠগি অহাৰ দৰে নৱ কুমাৰ দলেয়েও ঢকুৱাখনাৰ ৰাইজক ঠগিবলৈ আৰম্ভ কৰিছে। ঢকুৱাখনা জিলা টি,এম,পি,কেৰ-সাধাৰণ সম্পাদক-ৰাজীৱ দলেয়ে কয় যে- "ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ে ভূৱা ঘোষণা কৰা ৪২ খন কলেজৰ ভিতৰত সৰহসংখ্যক কলেজেই ভুৱাকৈ জনজাতীয় শিক্ষাৰ্থীৰ নামত কৌটি কৌটি টকা আত্মসাৎ কৰি অহাৰ তথ্য মহকুমাধিপতিৰ জৰিয়তে মুখ্য মন্ত্ৰীৰ ভিজিলেন্সলৈ প্ৰেৰণ কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে দুৰ্নীতি বিৰুদ্ধে শূণ্যসহনশীল চৰকাৰে। ইয়াৰ বিপৰীতে কৌটি কৌটি টকা লুণ্ঠন কৰা ভুৱা কলেজৰ একাংশ অধ্যক্ষক ঢকুৱাখনাৰ বিধায়কজনে বৰপীৰা পাৰি বিজেপিলৈ আদৰিহে নিছে বুলি ক্ষোভ ব্যক্ত কৰি উল্লেখ আৰু কয় যে-"ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ সমষ্টি ঢকুৱাখনাৰ প্ৰতিখন পঞ্চায়ততে অনাময় আঁচনি,এম,জি,এন ৰেগা, পি,এম,জি,এছ,ৱাই, ইত্যাদি আঁচনি ৰূপায়ণ ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈ থকাৰ পিছতো মন্ত্ৰীগৰাকীয়ে একো তদন্তৰ ব্যৱস্থা নকৰি দুৰ্নীতিগ্ৰস্তসকলক ৰক্ষণাবেক্ষণহে দি আহিছে। তদুপৰি ঢকুৱাখনা বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ে মিটাৰ ৰিডিং নকৰাকৈয়ে অত্যাধিক বিল দি গাঁৱৰ ৰাইজক হাৰাশাস্তি কৰি অহাৰ লগতে যোৱা ২৯ আগষ্টত বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ ক্ষতি কৰাৰ গোচৰ আক্ৰোষ মূলকভাৱে টি,এম,পি,কে'ৰ ওপৰত জাপি দি দুজনকৈ ছাত্ৰ নেতাক থানালৈ মাতি নি মাৰ-ধৰ কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্যৰ বিৰুদ্ধেও আজি ঢকুৱাখনা সমষ্টিৰ তিনি মিচিং জাতীয় সংগঠনৰ বিভিন্ন আঞ্চলিক সমিতিৰ শ শ কৰ্মীয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী গ্ৰহণৰ জৰিয়তে-"অসম চৰকাৰ হায়, হায়, বৃহৎ নদী বান্ধ নিৰ্মাণ বন্ধ কৰক" গৰাখহনীয়া সমস্যা সমাধান কৰক", "বিদ্যুৎ বিভাগৰ বেমেজালি দূৰ কৰক","ভূৱা কলেজৰ স্কলাৰশ্বীপ কেলেংকাৰীৰ তদন্ত কৰক","অনাময় শৌচাগাৰ নিৰ্মাণৰ দুৰ্নীতি বন্ধ কৰক" ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত-টি,এম,এম,কে'ৰ উপসভানেত্ৰী- ইন্দিৰা চিন্তে কুম্বাং,এম,এম,কেৰ জিলা সমিতিৰ নেতা-খনীন্দ্ৰ মেদক,আদি কৰি বহুতো জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।