ৰূপাই মানখোৱাত সেনাবাহিনীৰ বাহন-বাছৰ মুখামুখি সংঘৰ্ষ

 09/14/2019 - 13:54

ডুমডুমা: তিনিচুকীয়া জিলাৰ ৰূপাই মানখোৱাত হোৱা পথ দুৰ্ঘটনাটোত দহজনৰো অধিক লোক আহত হয়৷ ডুমডুমা দিশৰ পৰা যোৱা ভাৰতীয় সেনা বাহিনীৰ গাড়ী আৰু অৰুণাচল প্ৰদেশৰ পৰা অহা এএচ ২৩চিচি ২৮৮৬ নম্বৰৰ বাছ খনৰ লগত মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাতো সংঘটিত হয়৷ দুৰ্ঘটনাটোত এগৰাকী শিশুকে ধৰি পাঁচজনৰ অৱস্থা সংকটজনক হোৱাৰ বিপৰীতে পাঁচজন আঘাটপ্ৰাপ্ত হয়৷

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ভাৰতীয় সেনা বাহিনীৰ গাড়ীখনে তীব্ৰ বেগেৰে আহি খুন্দিওৱাৰ ফলত ঘটনাতো সংঘটিত হয়৷ সংকটজনক অৱস্থাত থকা শিশুকে ধৰি পাঁচজনক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৈ প্ৰেৰণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।