দলগাঁৱত ন বোৱাৰীৰ আত্মহত্যা

 09/14/2019 - 14:17

দলগাঁওঃ দলগাঁৱত বৰ্ধিত বোৱাৰী নিৰ্যাতনৰ ঘটনা নিয়ন্ত্ৰণত ব্যৰ্থ প্ৰশাসন। দলগাঁৱৰ লাপুলত ন বোৱাৰীৰ আত্মহত্যাই জোকাৰিছে দলদৰঙৰ দলগাঁৱত। বৃহত্তৰ দলগাঁৱৰ বিভিন্ন অঞ্চলত বৰ্ধিত বোৱাৰী নিৰ্যাতনৰ ঘটনাক নিয়ন্ত্ৰণ কৰিবলৈ চূড়ান্ত ভাবে ব্যৰ্থ হৈছে দৰং জিলা প্ৰশাসন। বিগত কেইমাহত চাৰি পাঁচটা বোৱাৰীৰ হত্যা আৰু আত্মহত্যাৰ খবৰে চিন্তিত কৰি তুলিছে সচেতন মহলক।

শনিবাৰে পুনৰ দলগাঁৱৰ লালপুলত ন বোৱাৰীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে৷ লালপুলৰ ২নং মাজগাঁৱৰ আয়েছা খাতুন (১৯) নামৰ মহিলা এগৰাকীয়ে স্বামী গৃহত চিপ লৈ আত্মহত্যা কৰে৷ তিনি মাহ পূৰ্বে বিবাহ হোৱা বোৱাৰী গৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত স্বামী মাহাবুৰ ইছলামক আটক কৰে দলগাঁও আৰক্ষীয়ে। বোৱাৰীগৰাকীৰ আত্মহত্যাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আয়েছাক হত্যা কৰাৰ অভিযোগ পিতৃ পৰিয়ালৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।