কাঠ আৰু বাহঁৰ সামগ্ৰী নিৰ্মাণেৰে চমক ওৰাঙৰ যুৱকৰ

 09/14/2019 - 14:18

ওৰাঙঃ এজন প্ৰতিভাবান যুৱক তথা ভাস্কৰ্য্য শিল্পী। কাঠ আৰু বাঁহৰ টুকুৰাৰে যুৱক জনে তৈয়াৰ কৰিছে এইসমূহ সামগ্ৰী। এনে হস্ত শিল্প জনা যুৱক সমাজত তেনেই সীমিত। কিন্ত এনে এজন প্ৰতিভাবান যুৱক দেখা গৈছে ওৰাঙৰ গুৰুবন্ধা গাঁৱত। ভাস্কৰ্য্য শিল্পৰ দিশত আগবঢ়া ‌এই যুৱক জনৰ নাম ধীৰেন শইকীয়া। কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয় ওৰাঙৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰ ধীৰেন শইকীয়া। পঢ়া শুনাৰ মাজতে ‌যিখিনি সময় পায় সেই সময়তেই বাঁহ আৰু কাঠৰ টুকুৰাৰে কেৱল মাত্ৰ এখন কটাৰীৰ দ্বাৰাই এনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰি উলিয়াই যুৱক জনে। বিশেষ সঁজুলিৰ অভাবত কেৱল এখন সামান্য কটাৰীৰে বাঁহ আৰু কাঠৰ টুকুৰা সমূহ কাটি এনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰে। কটাৰীৰে কাটি-কাটি কাঠৰ টুকুৰাৰে তৈয়াৰ কৰিছে অসমৰ বহুকেইটা টেলিভিচন চেনেলৰ ল'গ।

ইয়াৰ উপৰিও যুৱক জনে বিশেষ সঁজুলিৰ অভাবত এখন সামান্য কটাৰীৰে সাজি উলিয়াইছে বাহঁৰ বটল, গণনা, ঢোলমাদলি, জাপি, জোনবিৰি, বিজেপিৰ প্ৰতীক, যতৰ, নাঙল যুঁৱলি, কানফুলি, ঢেকি, বাঁহৰ কাপ, কাকৈ, বাহঁৰ কাপোৰত মৰা বেচ, বাঁহৰ মবাইল ষ্টেণ্ড, কাঠৰ মাইক্ৰফোনৰ লগতে কাঠেৰে নিৰ্মিত টেলিভিচন চেনেলৰ ল'গ। এনেধৰণৰ সামগ্ৰী তৈয়াৰ কৰাৰ পাছত যুৱক জনে ফটো তুলি ফেচবুকত আপলোড কৰে আৰু এই সামগ্ৰী সমূহ ফেচবুকৰ জৰিয়তে বিক্ৰীও হয়৷ বাঁহ আৰু কাঠেৰে তৈয়াৰ কৰা সামগ্ৰী সমূহ বিক্ৰী কৰি নিজৰ পঢ়া-শুনাৰ খৰচৰ লগতে কলেজৰ খৰচ উলিয়াইছে যুৱকজনে।

দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ আশা যদি অকনমান চৰকাৰী সা-সুবিধা লাভ কৰে তেন্তে আগবঢ়াই নিব ভাস্কৰ্য্য শিল্প আৰু হস্তশিপ্লক। ধীৰেন শইকীয়া নামৰ এই যুৱক জনে নিজ হাতেৰে তৈয়াৰ কৰা বাঁহৰ জাপিও উপহাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰীক বাঁহেৰে তৈয়াৰ কৰা জাপি উপহাৰ দিয়াৰ পাছত যুৱকজনে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লাভ কৰিছে ধন্যবাদ সূচক প্ৰমানপত্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।