অসম জাতীয়তাবাদী পৰিষদৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

 09/14/2019 - 14:34

উত্তৰ গুৱাহাটীঃ  অগ্ৰনী সামাজিক সাংস্কৃতিক অনুষ্ঠান অসম জাতীয়তাবাদী পৰিষদ। অসম জাতীয়তাবাদী পৰিষদৰ উদ্যোগত কামৰূপ জিলা অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ফুলুঙত বিনামূলীয়া চিকিৎসা শিবিৰ আৰু ৰোগীৰ মাজত ফলমূল বিতৰণ কৰা হ’ব। দেওবাৰে ফুলুং নৱীনজ্যোতি সংঘও পুথিভঁৰাল আৰুউইনট্ৰোৱ/নেমকেয়াৰ হস্পিতালৰ সহযোগত ৰাতিপুৱা পৰা দীৰ্ঘেশ্বৰী এম. ই. স্কুলত চিকিৎসা শিবিৰত সেৱা আৰম্ভ কৰা হ’ব। জাতীয়তাবাদী পৰিষদৰ বিত্ত বিভাগৰ সম্পাদক লক্ষ্যধৰ কুমাৰ আৰু প্ৰচাৰ সম্পাদক তৰুণ দত্তই জানিবলৈ দিয়া মতে স্নায়ুৰোগ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ, সাধাৰণ ৰোগ, চৰ্ম, নাক, দাঁত, ডিঙি, শিশু, শৈল্য বিভাগ আদিৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব। লগতে বিনামূলীয়াকৈ তেজ পৰীক্ষা, ইচিজি, চুলি, কাণ, চকু, প্ৰচাৱ আদি পৰীক্ষা কৰাৰ সুব্যৱস্থা আছে বুলি জানিবলৈ দিছে। বিভিন্ন ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে জনপ্ৰিয় অভিনেতা চেতনা দাস, জনপ্ৰিয় কন্ঠশিল্পী ড০ অনিমা চৌধুৰী, ভিতালী দাস, ড০ ধৃতি ৰয় অধ্যক্ষ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিলীপ বড়ো প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা, ডাঃ হিতেশ বৰুৱা এম ডি নেমকেয়াৰ হস্পিতাল, ডাঃ ত্ৰিদিপ বৰুৱা স্বতাধিকাৰী, উইনট্ৰোৱ হস্পিতাল আৰু অংগদানৰ লগত জড়িত জুবলী ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।