বাইহাটাত পুত্ৰৰ শাৰীৰিক নিৰ্যাতনৰ বলি মাতৃ

 09/14/2019 - 14:57

বাইহাটা চাৰিআলিঃ নিতৌ নিজ পুত্ৰ আৰু বোৱাৰীৰ মানসিক নিৰ্যাতনৰ বলি হৈ আহিছে এগৰাকী মাতৃ। বাইহাটা চাৰিআলিৰ নগাঁওৰ এইগৰাকী মাতৃক অশ্লীল গালি-গালাজ কৰাৰ উপৰিও ঘৰৰ পৰা ওলাই যাবলৈ ধমকি দিয়ে নিজ পুত্ৰ আৰু বোৱাৰীয়ে। দুই পত্নীৰে সৈতে পুত্ৰ ধীৰেনে নিতৌ মদ খাই আক্ৰমন কৰিবলৈ আগবাঢ়ি  আহে বৃদ্ধা মাতৃক।

বৃদ্ধা পেঞ্চনৰ ধনকে আদি কৰি সকলো বস্তু বলপূৰ্বকভাবে কাঢ়ি নিব বিচাৰে বুলিও অভিযোগ কৰে মাতৃ গৰাকীয়ে।  শেষত পুত্ৰৰ আক্ৰমনৰ পৰা ৰক্ষা পাবলৈ অৱশেষত মাতৃ গৰাকীয়ে আশ্ৰয়গ্ৰহন কৰে ওচৰতে থকা কনিষ্ঠ কন্যাৰ ঘৰত। মাকৰ ওপৰত পুতেকে অত্যাচাৰ কৰা কথা অকপটে স্বীকাৰ কৰে বৃদ্ধা গৰাকীৰ কনিষ্ঠ জীয়ৰীয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।