গোঁসাইগাঁৱত জৰাজীৰ্ণ কাঠৰ দলঙে জলা-কলা খোৱাইছে ৰাইজক

 09/14/2019 - 14:58

শ্ৰীৰামপুৰঃ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত ১নম্বৰ ভোমৰাবিল অঞ্চল যোৱাৰ ফালে থকা হাৰাফুটা নৈৰ ওপৰত কাঠৰ দলংখন বহুবছৰ ধৰি মেৰামতি নোহোৱাত পথচাৰী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্হানীয় গঞাই যমৰ যাতনা ভুগিছে। দলংখনৰ ওপৰেদি অঞ্চলটোৰ তিনি-চাৰিখন গাঁৱৰ লোকে দৈনিক অহা-যোৱা কৰে।

গাঁও কেইখনৰ গঞাৰ একমাত্ৰ বজাৰ শ্ৰীৰামপুৰ, গোসাইগাওঁ দ্বিসপ্তাহিক বজাৰলৈ সংযোগৰ একমাত্ৰ সম্বল দলংখন মেৰামতি নোহোৱাৰ বাবে গঞা ৰাইজে উৎপাদিত বিভিন্ন সামগ্ৰী বজাৰলৈ বিক্ৰী কৰিবলৈ নিওঁতে বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। দলংৰ ৰেলিঙৰ পৰা আদি কৰি মাজৰ কাঠবোৰো বহু অংশত নাইকিয়া হৈ আছে। যিকোনো সময়তে দূৰ্ঘটনা হোৱাৰ আশংকা কৰিছে স্হানীয় ৰাইজ তথা পথচাৰী সকলে। দলং খন সোনকালে মেৰামতি কৰি দিবলৈ বিটিচি চৰকাৰক আহব্বান জনাই অঞ্চলটোৰ ভুক্তভোগী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।