কোকৰাঝাৰত ৬৪২জাঁই গুলীসহ ২ উগ্ৰপন্থী গ্ৰেপ্তাৰ

 09/14/2019 - 15:44

কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী, কামাণ্ডো বেটেলিয়ন আৰু ২১০নং কোব্ৰা বাহিনীয়ে যৌথ অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ লুংচুঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে দুটা উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুটাক লুংচুঙ এলেকা পুদান মুৰ্মু(৪৫) আৰু বাজুন মুৰ্মু(২৪)বুলি আৰক্ষীয়ে সদৰী কৰিছে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশাৰ পৰা ভাৰত-ভূটান সীমান্তৱৰ্তী লুংচুং এলেকাত চলোৱা অভিযানৰ ফলত শনিবাৰে পুৱা দুটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা দুটা একে চিৰিজৰ ৰাইফল, দুটা মেগজিন, এটা বন্দুক, ৫ জাঁই একে চিৰিজৰ গুলী, পইণ্ট ৩০ এম ১ আগ্নেয়াস্ত্ৰৰ ৬৩৭ জাঁই গুলী জব্দ কৰা হৈছে। অধিক তথ্যৰ সন্ধানত সম্প্ৰতি আৰক্ষীয়ে উগ্ৰপন্থী দুটাক জেৰা অব্যাহত ৰাখিছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।