অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

 09/14/2019 - 15:45

ডিগবৈঃ মাৰ্ঘেৰিটাত বিভিন্ন দল সংগঠনসমূহে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী৷ একাংশ সন্দেহযুক্ত নাগৰিকে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত খোপনি পোতাৰ বিষয়ক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় দল সংগঠন৷ শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠনটোৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে মাৰ্ঘেৰিটাৰ বজাৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ দাবী ভিক্ষুৰ বেশেৰে মাৰ্ঘেৰিটাত প্ৰৱেশ কৰা সন্দেহযুক্ত নাগৰিকসকলক প্ৰশাসনে কৰায়ক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক৷

অন্যথা সংগঠনটোৱে জংগী কাৰ্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷ মাৰ্ঘেৰিটাৰ মহকুমাটোৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত বহু সন্দেহযুক্ত নাগৰিকে বাহৰ পাতি থকাৰ স্পষ্ট অভিযোগ তুলিছে সংগঠনটোৱে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।