ৰঙিয়াত পাইকাৰি গ্ৰাহক সমবায় সমিতিৰ সভা

 09/14/2019 - 16:11

ৰঙিয়াঃ ৰঙিয়া পাইকাৰি গ্ৰাহক সমবায় সমিতিৰ সাধাৰণ সভাখন ৰঙিয়া প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমবায় সমিতিৰ সভাপতি প্ৰদীপ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সমবায় সমিতিখনৰ বিষয়ববীয়াৰ লগতে সমবায়খনৰ অংশীদাৰ সকল উপস্থিত থাকে। সভাখনত বিগত সময়চোৱাৰ হিচাপ দাখিলৰ লগতে সমাগত কাৰ্য্যকালত সমবায়খনে কাৰ্য্যকৰিকৰণ কৰিবলগীয়া কেইবাটাও প্ৰস্থাৱ গ্ৰহণ কৰে।

সভাখনত উপস্থিত থকা সমবায় সমিতিৰ প্ৰাক্তন সভাপতি নৰেন্দ্ৰ শৰ্মা, অংশীদাৰ আব্দুল জব্বৰ, মহেশ কাকতি, বিবুলাৰ ৰহমান, প্ৰাক্তন সভাপতি তথা মুক্তি যোদ্ধা কৃষ্ণ লহকৰ আদিয়ে ভাষণ দিয়ে। সমাগত সময়চোৱাৰ বাবে হিচাপ পৰীক্ষক হিচাপে পুণৰ প্ৰতাপ লহকৰ আৰু সঞ্জিৱ কলিতাক নিযুক্তি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।