পলাশবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ

 09/14/2019 - 16:20

মিৰ্জাঃ দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা বিজয়নগৰৰ হালিগাওঁ‌ৰ বগা ওৰফে আনোৱাৰ হুছেইনক অৱশেষত একাংশ সচেতন যুৱকৰ সহযোগত আৰক্ষীয়ে AS25M2923 নাম্বাৰৰ বুলেট এখন বাইক চুৰি কৰি থকাৰ অৱস্থাত মিৰ্জাৰ জামৰতলৰ ফনিছ লেবৰটৰীৰ সম্মুখৰ পৰা ধৰিবলৈ সক্ষম হয়।

দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বাইক চুৰি কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পূৰ্বেও বহু বাইক চুৰি কাৰ্যৰ অভিযোগত আনকি জেল হাজোতলৈ যাবলগীয়া হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।