লখিমপুৰত কাকৈ নৈৰ তাণ্ডৱ

 09/14/2019 - 16:42

লখিমপুৰঃ শ শ হেক্টৰ কৃষিভূমি বুৰাই পেলালে কাকৈ নৈৰ বালি আৰু পলসেৰে। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কদমীয়াল বঙালী গাৱঁত কেইবাদিনধৰি নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছিল নৈ খনৰ জলপৃষ্ঠ। নৈখনৰ দুই পাৰৰ শ শ কৃষিভূমি এনেদৰে বুৰাই পেলালে বালি আৰু পলসেৰে। এতিয়া কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা।

বৰ্তমানলৈকৈ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই সকল কৃষকৰ বাবে। এনেদৰে প্ৰতি বছৰে কাকৈ নৈৰ বালি আৰু পলসত বুৰ জাই বেহেৰাবস্তী, ২নং পুঠিমাৰী, বাগানগাঁও, কদমীয়ালকে ধৰি নৈ পৰিয়া অঞ্চলৰ শশ কৃষিভূমি। আজি পৰ্যন্ত প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।