কলিয়াবৰত ৰক্তদান শিবিৰ আয়োজন

 09/14/2019 - 16:49

কলিয়াবৰঃ কলিয়‍াবৰ জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ত শনিবাৰে প্ৰধান মত্ৰী নৰেন্দ্ৰ মোদী ডা‌ঙৰীয়াৰ ওপজা দিনত কলিয়াবৰৰ ভাৰতীয় জনতা পাটীয়ে ৰক্তদ‍ান শিবিৰ আয়োজন কৰে। এই কাৰ্য্যসূচীত অংশ গ্ৰহন কৰে নগাওঁ জিলাৰ সভানেত্রী মুনমুনি দাস আৰু চিকিৎসালয়ৰ ৰক্তদান ভৰালঁৰ সঞ্ছালক ড° অশোক চন্দ্ৰ আৰু প্ৰয়োগশালাৰ সঞ্ছালক দিপু ভূঞাৰ তত্বাৱধনত এই ৰক্তদান শিবিৰ পৰিচালনা কৰেl

ৰক্ত দান শিবিৰৰ মূল উদ্দেশ্যে হ’ল দুখীয়া লোক সকলে ৰক্ত বিছ‍াৰি হাবাথুৰি নাখায় তাৰ কাৰনে এই শিবিৰটো আয়োজন কৰে আৰু এই শিবিৰটোত শনিবাৰে প্ৰায় ১০০ জন মানুহে ৰক্তদান কৰে আৰু সকলোৱে একে মুখে কয় য়ে ৰক্ত দান জীৱন দান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।