শিক্ষা বিভাগৰ নীতি-নিয়মক চৰম ভেঙুচালি একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ

 09/14/2019 - 17:38

হোজাইঃ অসম চৰকাৰৰ শিক্ষা বিভাগে যিমানেই নীতি-নিয়মৰ উৎকৰ্ষ সাধন কৰিছে তেনে সময়তেই কিছুমান চৰকাৰী বিদ্যালয়ৰ একাংশ শিক্ষকৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সচেতন মহলৰ| হোজাই জিলাৰ লংকাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চিতলমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কৰ্মকাণ্ড|চৰকাৰী নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহ পুৱা ৯.১৫ বজাৰ পৰাই পাঠদান কৰিব লাগে যদিও সদায়েই ৯.১৫ পৰিবৰ্তে পাঠদান আৰম্ভ কৰে পুৱা ১০.৩০ বজাত| এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আহমেদ আলিক সুধা প্ৰশ্নত তেখেতে শিক্ষাখণ্ডৰ চি. আৰ. চি. য়ে পুৱা ১০.৩০ বজাত পাঠদান কৰিবলৈ নিৰ্দেশ দিছে বুলি জনাই যদিও চি. আৰ. চি. জনে প্ৰধান শিক্ষক আহমেদ আলিৰ এই অভিযোগক প্ৰধান শিক্ষকজনৰ সন্মুখতেই নস্যাৎ কৰে| লগতে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বাবে অনুমোদিত ৩০কুইণ্টল চাউলৰ পৰিবৰ্তে ২.৫০ কেজি চাউলহে বিদ্যালয়ত পোৱা যায়| এই বিষয়ত বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীক প্ৰশ্ন কৰাত শিক্ষকগৰাকীৰ তোলোঙা মন্তৱ্য কৰে| শিক্ষাবৃত্তিৰ দৰে পৱিত্ৰ বৃত্তিৰ লগত জড়িত এই জন প্ৰধান শিক্ষকে নিজেই ইমান মিছা মন্তব্য কৰিছে, তেনে ক্ষেত্ৰত এনে ধৰণৰ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ কি উৎকৰ্ষ সাধন কৰিব সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।