ঘৰ পাবলৈ লাগে ১০ টকা, মঙলদৈৰ এটি দুখ লগা খবৰ

 09/14/2019 - 17:45

মঙলদৈঃ মঙলদৈ চহৰৰ পৰা মাত্ৰ ৫ কিঃমি দূৰত্বৰ ঘাটপাৰ অঞ্চলৰ টাংনী নৈ ওপৰত ভগা কাঠৰ সাঁকো। মঙলদৈ গাধোঁৱা ঘাটপাৰা অঞ্চলৰ প্ৰায় ৪০খন গাঁওৰ একমাত্ৰ যোগাযোগৰ ব্যৱস্থা হ’ল সাঁকো খন। প্ৰতিদিনাই শ শ ছাত্ৰ-ছাত্ৰী বিপদজনক ভাবে অহা যোৱা কৰে ভগা সাঁকো খনেৰে। সাঁকো পাৰ হ’লে দিব লাগে ১০ টকাকৈ মাচুল।

এই সাঁকো পাৰ হ’ব খোজোতে ইতিমধ্যে কেইবাজনো মৃত্যুৰ মুখত পৰিছে। ৰাইজে ৰজাঘৰীয়াৰ ওচৰত বহুকেইবাৰ জনোৱাৰ পিছতো কোনো উত্তৰ পোৱা নাই। এখন স্থায়ী দলঙৰ বাবে দাবী কৰে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।