ধলাত উপস্থিত কংগ্ৰেছ দল

 09/14/2019 - 17:59

ডুমডুমা: এন আৰ চি ৰ সন্দৰ্ভত শনিবাৰে ডুমডুমাৰ ধলাৰ খেৰবাৰীত কংগ্ৰেছৰ এটা দল উপস্থিত হ'য়। দলটোত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মি, ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজ, ডিগবৈৰ বিশিষ্ট সমাজ সেৱক তথা কংগ্ৰেছৰ নেতা মনোজ ধানৱাৰ, কংগ্ৰেছৰ সেৱা দলৰ তিনিচুকীয়া জিলা সভাপতি বাবুল পুৰুকাস্ত। ধলাৰ খেৰবাৰীত উপস্থিত হৈ কংগ্ৰেছৰ দলটোৱে ১-১১-২০১৮ তাৰিখে আততায়ীৰ গুলীত নিহত হোৱা শ্বহীদক শ্ৰদ্ধাঞ্জলী দিয়ে।

২০১৮ চনৰ ১ নবেম্বৰত পাঁচজনকৈ নিৰিহ লোকক আততায়ীয়ে গুলিয়াই হত্যা কৰিছিল। প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই কয় যে কংগ্ৰেছৰ গাত শেষৰ এক টুপাল তেজ থকালৈকে NRC ৰ বিৰুদ্ধে যুঁজ দিব। নগাঁওৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয়, বহু লোকৰ NRC ত নাম নথকাৰ বাবে শংকিত হৈ মৃত্যুমুখত পৰিবলগীয়া হৈছে। তেওঁলোকৰ আত্মসন্মানত আঘাত লগা কাম কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰে বঙালী মানুহৰ আবেগক লৈ ৰাজনীতি কৰিছে। অসমৰ ডিটেন্চন কেম্পত সকলোতকৈ বেছি বঙালী লোক আছে। বঙালী লোকসকলক পাখা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰিছে।

বেজ হৈ যাৰে, সাপ হৈ খুটে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ২০১৯ চনৰ পাছত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত NRC ৰ নামত ৰাজনীতিৰ খেল আৰম্ভ হৈছে জনসাধাৰণৰ বিপদৰ বন্ধু সদায় কংগ্ৰেছ দল, বিজেপি নহয় বুলি উল্লেখ কৰে। ধলাৰ পাছতেই কংগ্ৰেছৰ দলটো জাগুনলৈ ৰাওঁনা হ'য়। আনহাতে বঙালী ফেডাৰচনে এন আৰ চি ক লৈ কোনো দলে ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।