হাতত বেট লৈ ক্ৰিকেটাৰৰ ৰূপত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা

 09/15/2019 - 12:39

ধিংঃ টি আৰ পি ৰ আন এটা নামেই যেন আঙুৰলতা। ভিন্ন সময়ত ভিন্ন ৰূপত বিশেষভাৱে চৰ্চা লাভ কৰি অহা অন্যতম বৰ্তমানৰ নায়িকা গৰাকীয়েই হল বিধায়িকা আঙুৰলতা ডেকা। কেতিয়াবা যদি ফুটবল খেলি, কেতিয়াবা আকৌ বিহু হুচৰি, ৰাস নৃত্য, বাইক চলাই, স্কুটি চলাই, ৰোৱনি লগাই আদি বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায় বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাক। শনিবাৰেও সমষ্টিত আন এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ’ল বিধায়িকা গৰাকীক।

শনিবাৰে হাতত বেট লৈ খেলপথাৰত ক্ৰিকেটাৰৰ ৰূপত দেখা পোৱা গ’ল বিধায়িকা আঙুৰলতা ডেকাক। প্ৰথমেই হাতত বেট লৈ তীব্ৰ গতিত নামিল খেলপথাৰত। আৰু তাৰ পাছতেই আৰম্ভ কৰিলে এটাৰ পাছত আন এটা ছয়। শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি মাৰিলে কেইবাটাও ছয়। বিধায়িকাৰ ছয় মৰা দেখি ভয়ত কম্পমান আন এগৰাকী মহিলা বলাৰ। ৩০ জুনৰ পৰা ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ডুমডুমীয়া ক্ৰীয়া সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল নক আউট প্ৰাইজমানী টুৰ্ণামেণ্ট ক্ৰিকেট প্ৰতিযোগিতাৰ।

তাৰেই ফাইনেল খেল খন অনুষ্ঠিত হয় শনিবাৰে। শনিবাৰৰ অনুষ্ঠিত এই চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ডুমডুমীয়া আঞ্চলিক ক্ৰিকেট ক্লাব বনাম বৰধুন তাছ ক্লাৱৰ মাজত। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই উদ্বোধন কৰে এই চূড়ান্ত খেলখনি৷ বিধায়িকা আঙুৰলতাৰ উপস্থিতিয়ে ক্ৰীয়াপ্ৰেমী ৰাইজৰ লগতে খেলুৱৈ সকলকো দুগুনে উৎসাহিত কৰা পৰিলক্ষিত হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।