গড়কাপ্তানি পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

 09/15/2019 - 12:52

ডবকাঃ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অতি ব্যস্ততাপূৰ্ণ মোৰাঝাৰ-চামৰআলী হৈ কাৰ্বি আংলং সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যমৰ-যাতনা ভুগিছে অঞ্চবাসীয়ে৷ ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ চৰম গাফিলতিৰ বাবে ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে চৰম দুৰ্ভোগ৷ দৈনিক শ শ যান-বাহন চলাচল কৰা পথচোৱাৰ মাজত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে।

পথছোৱা নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজ তথা দল সংগঠনে বাৰে বাৰে বিয়াগোম গড়কাপ্তানি বিভাগক অভিযোগ দিয়াৰ পিছতো গা লৰা নাই ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ৷ শনিবাৰে ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ৷ ৰাইজে মোৰাঝাৰ-চামৰআলী সংযোগী পথ অৱৰোধ কৰি অসম চৰকাৰ মুৰ্দাবাদ, গড়কাপ্তানি মন্ত্ৰী চি চি, বিধায়ক আব্দুৰ ৰহিম আজমল মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে মুখৰ কৰি তোলে৷

পথছোৱা অতিশীঘ্ৰে নিৰ্মাণৰ দাবীত হোজাই জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদী ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।