খাদ্যৰ অভাৱত মানুহক আক্ৰমণ বান্দৰৰ

 09/15/2019 - 13:13

উত্তৰ গুৱাহাটী:  আমি অসমীয়া মানুহ ,পানীত উটি ভাহি যোৱা জাতি। আমাক নালাগে, বান্দৰকে ঘৰ মাটি দি ৰাখক চৰকাৰে। এই ক্ষোভ বান্দৰৰ সন্ত্ৰাসত অতিস্থ উত্তৰ গুৱাহাটীৰ আশীৰ এগৰাকী বৃদ্ধা মহিলাৰ। উত্তৰ গুৱাহাটীত কপিকুলে স্তব্ধ কৰিছে জনজীৱন। শ শ কপিকুলৰ অহৰ্নিশে আক্ৰমণত আহত হৈছে কেবাজনো  লোক, চিৰদিনৰ বাবে ঘূণীয়া হৈছে কলেজীয়া ছাত্ৰী। সন্ধিয়া ঘৰৰ পদূলিত থৰক বৰককৈ থিয় হৈছিলহে মাথোন, বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল দিন ৰজক নামৰ বৃদ্ধা মহিলাগৰাকী ।

বাঘৰলেখীয়া আক্ৰমণাত্মক বান্দৰে বৃদ্ধাৰ হাতৰ এচপৰা মঙহ আজুৰি নিলে বান্দৰে। কেইবাটাও বান্দৰৰ আক্ৰমণত ক্ষত বিক্ষত হ'ল অসহায় বৃদ্ধা মহিলা। পুত্ৰৰ সাৰথি বৃদ্ধাৰ চিকিৎসাৰ বাবে হাতত নাই ধন। প্ৰতিবেশীৰ সহযোগত চিকিৎসাৰ ব্যবস্থা কৰা হ’ল যদিও পৰ্য্যাপ্ত চিকিৎসাৰ অভাৱত এতিয়া অসুস্থ হৈ ঘৰতে আছে। কেৱল এগৰাকী মহিলাই নহয়, বান্দৰৰ আক্ৰমণত আহত অঞ্চলটিৰ  কেইবাগৰাকীও মহিলা। জাক জাক বান্দৰে আক্ৰমণ চলাই ঘৰৰ সকলো খাই তহিলং কৰে আৰু অকলশৰীয়া মহিলাক এনেদৰে আক্ৰমণ কৰে। দিল্লীত সাংসদক বান্দৰে আক্ৰমণ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰি বান্দৰ ধৰি লৈ গ’ল বন বিভাগে আৰু ৰাইজৰ হাজাৰ অভিযোগকো কেৰেপ নকৰে আমাৰ জন প্ৰতিনিধি কিম্বা বন বিভাগে।

বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অঞ্চলটিত বান্দৰৰ অত্যাচাৰৰ  বিষয়ে অৱগত কৰা হৈছিল যদিও মন্ত্ৰীগৰাকীয়ে বন বিভাগলৈ থেলি দায়সৰা মন্তব্য কৰিলে। কৃষিকাৰ্য্য কৰিবলৈ এৰা উত্তৰ গুৱাহাটীবাসীৰ জীয়াই থকাৰ বাটত মূল সমস্যা এতিয়া বান্দৰ। বান্দৰৰ বাবে ঘৰ এৰি ক’লৈকো যাব নোৱাৰে গৃহস্থ। কাকো কেৰেপ নকৰা বান্দৰে মানুহৰ উপস্থিতিত প্ৰৱেশ কৰি ঘৰত লুট পাট চলায়। চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বান্দৰৰ উপদ্ৰপৰ বিষয়ে জনোৱা হৈছে যদিও গুৰুত্ব নাই বনাঞ্চলক বিষয়া ৰঞ্জিত দত্তৰ।

অতিকৈ স্পৰ্শকাতৰ বিয়টি সম্পৰ্কত ব্যৱস্থা ল'বলৈ চৰকাৰৰ নাই সদিচ্ছা। কিন্তু অসমত বান্দৰে গ্ৰাম্য অৰ্থনীতি থান-বানেই নহয় মানুহৰ জীৱনৰ সংশয় অনাৰ পাছতো চৰকাৰৰ কেৱল ল’ৰাধেমালিহে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।