ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ নৱাগত আদৰণি সভা

 09/15/2019 - 13:13

ডুমডুমীয়াঃ বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ নৱাগত আদৰণি সভা যোৱা ৭ ছেপ্তেম্বৰৰ দিনা দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পাছত বিদ্যালয় পেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। 

ডুমডুমীয়া বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত, পৰিচালনা সমিতিৰ সভাপতি ৰমাকান্ত মেধি, উপসভাপতি হিৰন নাথ, মহেশ শইকীয়া, বটদ্ৰৱা জিলা পৰিষদৰ সদস্যা আচমিনা বেগম, শিল্পী সমাজকৰ্মী দুলু মনি কলিতা, ইদ্দিছুৰ ৰহমান, মুকুল কলিতাকে প্ৰমুখ্য কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, অতিথি, স্থানীয় ৰাইজসহ পাঁচ সহস্ৰাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।