কোকৰাঝাৰত এন ডি এফ বি ৰ শ্বহীদ দিৱস

 09/15/2019 - 13:24

কোকৰাঝাৰ: এন ডি এফ বি ৰ ৩১তম শ্বহীদ দিৱস উপলক্ষে কোকৰাঝাৰ কুমগুৰীত থকা এন ডি এফ বি(প্ৰ)ৰ ডেজিগনেটেট শিবিৰত যুদ্ধবিৰত সদস্যসকলে কলা বেজ পৰিধান কৰি শ্বহীদ দিৱস পালন কৰে। ৩১তম শ্বহীদ দিৱস উপলক্ষে কুমগুৰী ডেজিগনেটেট শিবিৰত সংগঠনৰ পতাকা উত্তোলন কৰে এন ডি এফ বি (প্ৰ)ৰ ন্যায়িক সচিব বি বেংগাই।

আনহাতে শ্বহীদ তৰ্পণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে মুকলি কৰে। শ্বহীদ দিৱসৰ কাৰ্যসূচীত এন ডি এফ বি(প্ৰ)ৰ সদস্যকে ধৰি প্ৰায় তিনিশতাধিক লোক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।