কোকৰাঝাৰত বিএছইউৰ উদ্যোগত কেণ্ডেল ৰেলী

 09/15/2019 - 13:35

কোকৰাঝাৰঃ কোকৰাঝাত দিনক দিনে সমাজ বিৰোধী কাৰ্য্যকলাপৰ লগতে ড্ৰাগছ, মদ, গাঞ্জা, জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ উপৰিও শেহতীয়াকৈ চহৰখনত স্প্ৰে মেনৰ দল এটাই আতংকৰ সৃষ্টি কৰাত শনিবাৰৰ সন্ধিয়া ৫ বজাত বড়োলেণ্ড ছাত্ৰসন্থা চমুকৈ বিএছইউৰ উদ্যোগত চহৰখনত এক কেণ্ডেল ৰেলী উলিওৱা হয়৷ হাতে হাতে মমবাতি লৈ উলিওৱা কেণ্ডল ৰেলীত বিএছইউৰ সভাপতি সুবুংসাৰ বসুমতাৰ, সাধাৰণ সম্পাদক বনজিৎ মঞ্জিল বসুমতাৰী, জিলা সভাপতি দেৰহাছাৎ ব্ৰহ্ম, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাউৰাও দেখ্ৰেৱ নাৰ্জাৰীকে ধৰি বিভিন্ন স্কুল-কলেজৰ, ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাশতাধিক পুৰুষ-মহিলা অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে ৰাজপথ৷

কোকৰাঝাৰ চহৰত হ'কে বিহ'কে চলি থকা মেলাসমুহত জুৱা, সুৰা আদিৰ অবাধ প্ৰচলন বন্ধ কৰা, চহৰখনত সম্প্ৰতি স্প্ৰে মেনৰ এক দুষ্টচক্ৰই ঘৰত অকলে থকা যুৱতী- মহিলাসকলক "টাৰ্গেট" কৰি অনৈতিক কাৰ্য্যত লিপ্ত হোৱা কাৰ্যৰ প্ৰতিবাদত শনিবাৰে বিএছইউয়ে চহৰখনত কেণ্ডেল ৰেলী উলিয়ায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।