বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুস্হানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 09/15/2019 - 13:37

নলবাৰীঃ অনুস্হানত মুখ্য অতিথি হিচাপে অংশ লয় মন্ত্ৰীগৰাকীয়ে। সকলো শ্ৰেণী ৰাইজে পৰিশ্ৰম কৰিলেহে অসমৰ উন্নতি হ’ব। এই ক্ষেত্ৰত মানুহৰ মানৱীয় গুণ থাকিব লাগিব। অসমৰ কৃষি আৰু খেতিয়কৰ কথা উল্লেখ কৰি তেওঁ কয় যে আমি সকলোৱে খেতিয়কৰ সন্তান। সম্প্ৰতি অসমৰ উদপাদিত কৃষিজাত সামগ্ৰী বিদেশীৰ বজাৰতো বিক্ৰী হৈছে। তেওঁ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি ও কয় যে- চমু পথেৰে নহয়, বহল পথেৰে শিক্ষাৰ্থীসকল আগবাঢ়ি যাব লাগিব অৰ্থাৎ ইচ্ছা শক্তি থাকিলে সকলো সম্ভৱ।

তেওঁ পুনৰ কয় যে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱা হৈছে। বৰ্তমানে ৰাজ্যখনত ছাত্ৰ-ছাত্ৰী মেধাৰ ভিত্তিত নিযুক্তি পাই আছে আৰু ভৱিষ্যতেও পাব। তেওঁ সমাজখনক সকলো দিশতে পৰিস্কাৰ আৰু নিকা কৰি ৰাখিবলৈ ৰাইজক আহ্বান জনাই। মুখ্যমন্ত্ৰী গৰাকীয়ে স্বাধীনতা সংগ্ৰামী মুকুন্দ কাকতিৰ ওপৰতো চৰকাৰে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে।

শনিবাৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী সামৰণি সমাৰোহত মুখ্যমন্ত্ৰীৰ লগতে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।