বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত নৱাগত আদৰণি সভা

 09/15/2019 - 13:48

বটদ্ৰৱাঃ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠানটি ৭ ছেপ্তেম্বৰৰ দিনা দিনযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পাছত বিদ্যালয় পেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আংগুৰলতা ডেকা।

ডুমডুমীয়া বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত, পৰিচালনা সমিতিৰ সভাপতি ৰমাকান্ত মেধি, উপসভাপতি হিৰন নাথ, বটদ্ৰৱা জিলা পৰিষদৰ সদস্যা আচমিনা বেগম, শিল্পী সমাজকৰ্মী দুলু মনি কলিতা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, অতিথি, স্থানীয় ৰাইজ সহ পাঁচ সহস্ৰাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।