শ্ৰী শ্ৰী পিতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহত শনিবাৰে নৱম বাৰ্ষিক মঘাই ওজা বঁটা প্ৰদান অনুষ্ঠান

 09/15/2019 - 13:54

যোৰহাটঃ গণশিল্পী মঘাই ওজাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে শ্ৰী শ্ৰী পিতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহত শনিবাৰে নৱম বাৰ্ষিক মঘাই ওজা বঁটা অনুষ্ঠিত কৰে। অনুষ্ঠানত লোক সংস্কৃতিৰ সাধক তথা কণ্ঠশিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, লোক সভাৰ সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা তাচা, আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ প্ৰমুখ্যে বহু জন বিশিষ্ট ব্যক্তি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।