সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ জোঁৰ সমদল

 09/15/2019 - 14:01

নগাঁওঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত দিনক দিনে বৃদ্ধি পাই আহিছে নাৰী নিৰ্যাতনৰ দৰে কেতবোৰ অসামাজিক ঘটনা। কিছুদিন পূৰ্বে জিলাখনৰ ধিং গাঁৱত এগৰাকী নৱবিবাহিত বোৱাৰীক হাত ভৰি বান্ধি জ্বলাই দিয়াৰ ঘটনাৰ লগতে জাজৰী বগৰিগুৰিত নিজ স্বামীৰ হাততে পত্নীৰ প্ৰাণ দিবলগা হোৱা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে।

এনেধৰণৰ অসামাজিক কাৰ্যকলাপ ৰোধ কৰা প্ৰতিবাদকল্পে শনিবাৰে জাজৰিত ৰাজপথলৈ উলাই আহি প্ৰতিবাদত নামিল মহিলা। সদৌ অসম প্ৰগতিশীল নাৰী সন্থা আৰু স্থানীয় মহিলাসকল লগ হৈ নাৰী হত্যা, ডাইনী হত্যা, বাল্য বিবাহ, অন্ধবিশ্বাসৰ দৰে ঘটনা সমূহৰ ওপৰত সজাগ কৰিবৰ বাবে আৰু জাজৰীত মহিলাৰ প্ৰতি সামাজিক ন্যায় প্ৰদান আৰু নিৰাপত্তা নিশ্চিত কৰাৰ আহ্বানত এক জোঁৰ সমদল উলিয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।