গোলাঘাট জিলাৰ উদ‍্যোগত ৰক্তদান কাৰ্যসূচী

 09/15/2019 - 14:17

গোলাঘাটঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰা ২০ছেপ্টেম্বৰলৈ আয়োজন কৰা সেৱা সপ্তাহৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ উদ‍্যোগত ৰক্তদান কাৰ্যসূচী গ্ৰহন কৰা হয়। কার্যসূচীৰ অধীনত ৰক্তদান কৰে ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ কাৰ্যকৰ্তাসকলে।

এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ সভাপতি দেৱজিৎ বৰা, চাহ বৰ্ডৰ অধ্যক্ষ‍ অমিয় বৰা, কৃষান মৰ্চাৰ ৰাজ‍্যিক সম্পাদক যতীন বৰাৰ লগতে জিলাৰ উপসভাপতি দিব‍্যজ‍্যোতি বুঢ়াগোহাঁই, জিলাৰ সাধাৰন সম্পাদক দ্বয় ক্ৰমে সীমান্ত বৰা আৰু সঞ্জীৱ দাস লগতে জিলাৰ বিভিন্ন দায়িত্বত থকা কাৰ্যকৰ্তাসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।