নগাঁৱত উদ্যান শস্যৰ জিলা ভিত্তিক প্ৰশিক্ষণ শিৱিৰ আৰু কৃষক মেলা অনুষ্ঠিত

 09/15/2019 - 14:27

নগাঁওঃ নগাঁও জিলাত কৃষি বিভাগৰ উদ্যোগত জিলা কৃষি বিষয়া কাৰ্য্যালয় প্ৰাংগণত শনিবাৰৰ পৰা দুদিনীয়াকৈ জিলা ভিত্তিত এখন উদ্যান শস্যৰ প্ৰশিক্ষণ শিৱিৰ আৰু কৃষক মেলা অনুষ্ঠিত হয়৷ শিৱিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত যাদৱ শইকীয়া, জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড, কৃষি গৱেষনা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী প্ৰতুল শৰ্মা, উদ্যান শস্য বিভাগৰ ৰাজ্যিক বিষয়া নিৰঞ্জন ডেকা, মহকুমা কৃষি বিষয়া ৰঞ্জিত দত্ত চৌধুৰী, নগাঁৱৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ নাথ, কৃষি বিষয়া এ.জলিল, চিলঙনি কৃষি গৱেষণা কেন্দ্ৰৰ বিষয়া সকল উপস্থিত থাকে৷

প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰি নিজৰ ভাষণত বিধায়ক ৰূপক শৰ্মাই কয়,"বৰ্তমান চৰকাৰে ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাত কৃষি ক্ষেত্ৰই গুৰুত্বপূৰ্ন ভূমিকা লব পাৰে৷ সেয়ে কৃষক সকলে অধিক উৎপাদনৰ বাবে সৰ্বাধিক গুৰুত্ব দিব লাগিব৷ বিধায়ক গৰাকীয়ে আৰু কয়, উদ্যান শস্যৰে জড়িত নিবনুৱা যুৱক সকলে নিজকে স্বাৱলম্বী কৰাৰ অৱকাশ আছে৷ অনুষ্ঠানত নগাঁও জিলা উপায়ুক্তই ভাষন প্ৰসংগত কয়,"সম্প্ৰতি উদ্যান শস্যৰ চাহিদা বৃদ্ধি পাইছে৷

বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ চাহিদা অনুসৰি উদ্যান শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে সকলোৱে গুৰুত্ব দিব লাগিব৷ উদ্যান শস্যৰ বিকাশৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে৷ "এই কৃষি প্ৰশিক্ষণ শিৱিৰ তথা কৃষি মেলাত জিলা খনৰ শতাধিক কৃষক উপস্থিত থাকে৷ অনুষ্ঠানৰ আতঁধৰে জ্যেষ্ঠ কৃষি সম্প্ৰসাৰণ বিষয়া নিখিল বৰুৱাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।