পথ নিৰ্মাণ কৰিবলৈ আহিল গাঁৱৰ ৰাইজ

 09/15/2019 - 14:36

মৰিগাওঁঃ পথ মেৰামতিৰ বাবে উলাই আহিছে এজাক মহিলা৷ ৪ খন গাঁৱৰ মহিলাই মেৰামতি কৰিলে পথ৷ জাগীৰোডৰ মনহাৰৰ পৰা মদনবড়ী সংযোগী পথৰ দুৰৱস্হা৷ পথটোৰ দুৰৱস্হাৰ বাবে যমৰ যাতঁনাত ভূগিছে প্ৰায় ৪খনকৈ গাঁৱৰ জনতা৷ কি স্কুল-কলেজৰ ছাত্ৰী কি ৰোগী, সকলোৰে সমস্যা এটাই৷ আমাৰ পথ লাগে৷ সেয়ে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ৷

জাগীৰোড সমষ্টিৰ অন্তৰ্গত এটি পথ, পথটোৰ বাবে অঞ্চলটোৰ মদনবড়ী, সোনতলা, মিলনবড়ী আৰু বেংগলী চুবুৰী গাঁৱৰ ৰাইজে বিগত দিনত দূৰ্ভোগ ভূগি আহিছে৷

কি কংগ্ৰেছ, কি বিজেপি চৰকাৰ আহিল আৰু গ’ল৷ কিন্তু পথটোৰ অৱস্হা ন’হল সলনি৷ সেয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চৰকাৰলৈ আশাপালি নাথাকি নিজেই পথ নিৰ্মানৰ কৰিবলৈ আহিল উলাই৷ কাৰোবাৰ হাতত যদি কোৰ, আন কাৰোবাৰ হাতত আকৌ টুকুৰী৷ সকলোৱে হাতে হাতে কোৰ-টুকুৰী আদি লৈ ব্যস্ত হ’ল পথ নিৰ্মানত৷ ৰাইজৰ অভিযোগ কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত ভোটৰ লালসাত প্ৰতিনিধিসকলে ৰাইজক দি আহিছে আশ্বাস৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।