অসম প্ৰবীণ ক্ৰিকেটাৰ সন্থাৰ নলবাৰী খণ্ডৰ মুখ্য কাৰ্য্যালয় উদ্বোধন

 09/15/2019 - 18:36

নলবাৰীঃ অসম প্ৰবীণ ক্ৰিকেটাৰ সন্থাৰ নলবাৰী খণ্ডৰ মুখ্য কাৰ্য্যালয়ত ৰবিবাৰে শুভ উদ্বোধন কৰে নলবাৰী জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক ৰুবুল আমিন দেৱে। বন্তি প্ৰজ্বলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰী দেৱে, অনুষ্ঠানত উপস্থিত থাকি ভাষণ দিয়ে ঋনলবাৰী জিলা ক্ৰীড়া সন্থাৰ কোষাধক্ষ কৰুণা বৰ্মন, যুটীয়া সম্পাদক মৃগেন কলিতা, ৰাতুল গোস্বামী, হকী সম্পাদক চন্দন হালৈ, সন্থাৰ সদস্য জিতু লহকৰ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা নলবাৰী জিলা কুংফু সন্থাৰ সম্পাদক ধৰ্মেশ্বৰ হালৈ ক্ৰীড়া সংগঠক গোলাম আহমেদ, নামনি অসমৰ ক্ৰিকেট প্ৰশিক্ষক নবীন হাছান, প্ৰবীণ ক্ৰিকেটাৰ নুৰ হুছেইন, ৰবিবাৰে সভাখনত সভাপতিত্ব কৰে শশীন্দ্ৰ শৰ্মা দেৱে।

অসম প্ৰবীণ ক্ৰিকেট সন্থাৰ নলবাৰী খণ্ডৰ সভাপতি আচিক আহমেদ আৰু সাধাৰণ সম্পাদক মহেশ্বৰ হালৈ জনোৱা মতে এই সন্থাৰ ফালৰ পৰা ৩০ জন দুখীয়া ঘৰৰ লৰা ছোৱালীক বিনামূলীয়া কৈ পঞ্চম মানৰ পৰা দশম শ্ৰেণীলৈকে পঢ়া ব্যৱস্থা আৰু খেলৰ সা সামগ্ৰী বিতৰণ কৰিব বুলি প্ৰস্তাব গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।