পশ্চিম কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কুখ্যাত চোৰ

 09/15/2019 - 18:54

বৈঠালাংছঃ আৰক্ষীয়ে এক সূত্ৰৰ ভিত্তিত কামপূৰ ৰেল'ৱে  ষ্টেইশ্যনত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত চোৰ গোবিন্দ নাথক। ধৃত গোবিন্দ নাথে বিগত কেই দিন ধৰি কামপুৰ, বৈঠালাংছ, লংকা, নগাঁও আদিৰ বিভিন্ন স্থানৰ পৰা লগেত লোকৰ ঘৰ আৰু দোকান সমূহত চাফাই অভিযান চলাই আহিছিল৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ধৃত চোৰে স্বীকাৰ কৰাৰ লগতে কেইদিন পূৰ্বে 'বৈঠালাংছ সাৰ্বজনীন কালী মন্দিৰত সংঘটিত চুৰি কাৰ্যত জড়িত বুলিও স্বীকাৰ কৰে। আৰক্ষীয়ে গোবিন্দৰ পৰা লেপ’টপ, মবাইল, সোণৰ চেইন, টকা আদিৰ উপৰিও মন্দিৰৰ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে৷ সম্প্ৰতি বৈঠালাংছ আৰক্ষীয়ে গোবিন্দক নিজৰ জিম্মাত ৰাখি মাৰাথন জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।