এন আৰ চিৰ ওপৰত অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ সজাগতামূলক প্ৰতিবাদ

 09/15/2019 - 19:50

জুৰীয়াঃ ৰূপহীহাটত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ সজাগতামূলক প্ৰতিবাদ গড়াজান আঞ্চলিক সমিতিৰ উদ্যোগত এন আৰ চিৰ ওপৰত সাব্যস্ত কৰে এই প্ৰতিবাদ। বঙালী ফেডাৰেশ্বনৰ কৰ্মী সকলে অসম চৰকাৰ হাই-হাই, প্ৰতিক হাজেলা হুচিয়াৰ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে বঙালী জাতিক অযথা সাৰাশাস্তি কৰাৰ অভিযোগ সংগঠটোৰ।

দেওবাৰৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ্ৰী বিমল কুমাৰ মণ্ডল, ছিফ অৰ্গেনাইজাৰ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বন, জিলা সভাপতি শ্ৰী অৰূপ দাস, আঞ্চলিক সম্পাদক দেবাসিস মণ্ডল, সহ সম্পাদক অনুপ মণ্ডল, আঞ্চলিক সভাপতি শ্ৰী সুবাশ দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।