শুৱালকুছি মহাবিদ্যালয়ত আছুৰ সাফল্য

 09/16/2019 - 10:54

আমিনগাঁওঃ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত শনিবাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত বিপুল ভোটত জয়ী আছু সমৰ্থিত প্ৰাৰ্থী সৌৰভ দাস। মহাবিদ্যালয়খনত এইবাৰ কেৱল সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

আছু সমৰ্থিত প্ৰাৰ্থী সৌৰভ দাস বিজয়ী হোৱাত শনিবাৰে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছিৰ মাজেৰে বৃহৎ ৰেলি কৰি উল্লাস প্ৰদৰ্শন কৰে। মহাবিদ্যালয়ৰ নৱনিৰ্বাচিত সধাৰণ সম্পাদক পদত সৌৰভ দাস বিজয়ী ঘোষণাৰ পিছতে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মাই উক্ত সাফল্যৰ বাবে সৌৰভক শুভেচ্ছা জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।